অখিল গগৈ,বিতু সোণোৱাল,ধৈয্য কোঁৱৰ আৰু মানস কোঁৱৰক মুক্তি দিয়ক: ২০০ দিনীয়া অন্যায়ক ধিক্কাৰ NAPM ৰ।ভুৱা গোচৰসমূহ উঠাই লোৱাৰ দাবী, বিজেপিৰ সাম্প্ৰদায়িক নীতিৰ বিৰুদ্ধে গণতান্ত্ৰিক প্ৰতিবাদৰ অধিকাৰ সাব্যস্ত কৰাৰ আহ্বান!

২০ জুন,২০২০: আজি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ জননেতা অখিল গগৈক অন্যায়ভাৱে কাৰাবন্দী কৰাৰ ২০০ দিন সম্পূৰ্ণ হল।নেশ্যনেল এলায়েন্স অৱ পিপলচ ম’ভমেণ্ট চমুকৈ NAPM ৰ ফালৰ পৰা এই ২০০ দিনীয়া বন্দ্বীত্বৰ পৰা তেখেতক তাৎক্ষণিকভাৱে কাৰামুক্ত কৰি তেওঁক অভিযুক্ত কৰা প্ৰতিটো মিছা তথা চক্ৰান্তকাৰীভাৱে জাপি দিয়া গোছৰসমূহ সম্পূৰ্ণভাৱে উঠাই ল’বলৈ দাবী জনোৱা হ’ল।আমি লগতে যুৱ নেতা বিতু সোণোৱাল,ধৈয্য কোঁৱৰ আৰু মানস কোঁৱৰৰ মুক্তি দাৱী জনাইছো।অসমৰ এইসকল সাহসী যুৱক,যিয়ে এই সাম্প্ৰদায়িক আৰু ফেচিষ্ট শাসনৰ বিৰুদ্ধে নিৰ্ভয়ে ঠিয় দিছে,তেওঁলোকৰ শক্তিক চেল্যুট জনাইছো।

উল্লেখ্য যে অখিল গগৈক ২০১৯ চনৰ ১২ ডিচেম্বৰ তাৰিখে যোৰহাটত গ্ৰেপ্তাৰ কৰা হৈছিল আৰু ১০ দিনৰ বাবে দিল্লীৰ NIA ৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছিল আৰু তাৰ পিছত অসমলৈ আনি ২৬ ডিচেম্বৰৰ পৰা গুৱাহাটী কেন্দ্রীয় কাৰাগাৰত কাৰাবন্দী কৰি ৰখা হৈছে। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক ধৈৰ্য্য কোঁৱৰ আৰু ছাত্র মুক্তি সংগ্ৰাম সমিতি, অসমৰ সভাপতি বিতু সোণোৱালক ১৩ ডিচেম্বৰত গ্ৰেপ্তাৰ কৰি গুৱাহাটী কাৰাগাৰলৈ প্ৰেৰণ কৰা হয় । ২০২০ চনৰ ৭ জানুৱাৰীত তেওঁলোক দুয়োকে অখিল গগৈক মিছা অভিযুক্ত কৰা একেই UAPA ৰ আওঁতালৈ অনা হয় আৰু বৰ্তমান তেওঁলোক কামৰূপ জিলাত NIA ৰ জিম্মাত আছে। ১৩ ডিচেম্বৰত গ্ৰেপ্তাৰ কৰি পিছত মুক্তি দিয়া মানস কোঁৱৰক ডিচেম্বৰ মাহৰ শেষভাগত পুনৰ UAPA-ৰ অধীনত NIA-ৰ ক’ৰ্টৰ পৰা গ্ৰেপ্তাৰ কৰা হয় । উল্লেখ্য যে NIA-ক বাঞ্চি দিয়া ৯০ দিনৰ ভিতৰত চাৰ্জশ্বিট দাখিল কৰিবলৈ ব্যৰ্থ হোৱাৰ ফলত অখিল গগৈৰ মুক্তি নিশ্চিত হৈছিল যদিও তাৎক্ষণিকভাৱে তেওঁৰ ওপৰত থকা অন্য গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হয় ।

যদিও অখিলক ক্ৰমে শিৱসাগৰ থানা, ডিব্ৰুগড় থানা আৰু গুৱাহাটী অপৰাধ শাখাৰ তিনিটা গোচৰত জামিন মঞ্জুৰ কৰা হৈছিল, তেওঁক জিম্মাত ৰখাৰ স্বাৰ্থতেই বিভিন্ন ধৰণৰ গোচৰৰে তেওঁক অভিযুক্ত কৰা হয় যাৰ ভিতৰত ১২ ডিচেম্বৰ তাৰিখে চাবুৱাত এটা বেংক, এটা ডাকঘৰ জ্বলোৱা কাৰ্য‌ও অন্তৰ্গত । এই ছমাহজোৰা সময়ত এনেকুৱা বহুতো কাৰু-কাৰ্য চলি আছে, য’ত গোচৰ জাপি দিয়ে শাস্তিও বিহি থকা হৈছে । ইয়ে একতৰফৰ ন্যায়িক ব্যৱস্থাটোৰ ওপৰতো প্ৰশ্নৰ উদ্ৰেক ঘটাইছে যিয়ে CoVid-19 মহামাৰীৰ সময়তো এনেদৰে বহুতো নেতাক কাৰাবন্দী কৰি ৰাখিছে ।

কেন্দ্ৰীয় চৰকাৰৰ সহযোগত অসম চৰকাৰে এইটো পতিয়ন নিয়াবলৈ চেষ্টা কৰি আছে যে KMSS/SMSS-য়ে মাওঁবাদীৰ সৈতে এক সম্পৰ্ক সৃষ্টি কৰা বুলি প্ৰমাণ কৰিবলৈ অহৰহ চেষ্টা চলাইছে যদিও চৰকাৰে আৰু নিয়াই বৰ্তমানলৈকে কোনো ধৰণৰ উপযুক্ত প্ৰমাণ দাখিল কৰিব পৰা নাই।অখিলৰ ওপৰত বৰ্তমান নিয়াৰ অধীনত ৫ টা গোচৰ আছে।

কোভিড-১৯ ৰ সংক্ৰমণে জেলৰ কয়দীসকলৰ নিৰাপত্তাক লৈ প্ৰশ্নৰ উত্থাপন ঘটাইছে।গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত এগৰাকী কোভিড ৰোগী পোৱাৰ পিছতো কোনো সঠিক ব্যৱস্থা নোলোৱাটোয়ে এইটো প্ৰমাণ কৰিছে যে চৰকাৰে আক্ৰোশমূলক ভাৱে ৰাজনৈতিক বন্দীসকলক মৃত্যুৰ মুখলৈ ঠেলি দিব বিচাৰিছে।২৫ জুনত গুৱাহাটীৰ কাৰাগাৰৰ কয়দীসকলে অখিলৰ মুক্তিৰ দাৱীত এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।
এই নেতাসকলৰ গ্ৰেপ্তাৰ কাৰ্য্য ৰাষ্ট্ৰৰ দ্বাৰা কৃষক মুক্তি সংগ্ৰাম সমিতি,ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি,চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতি,নাৰী মুক্তি সংগ্ৰাম সমিতিৰ লগতে অসমৰ অন্যান্য গণতান্ত্ৰিক দল সংগঠন যিয়ে চৰকাৰৰ বিফলতাক প্ৰশ্ন কৰিছে তেওঁলোকৰ ওপৰত এক আক্ৰোশমূলক আক্ৰমণ!লজ্জাৰ বিষয় যে ৰাষ্ট্ৰসংঘৰ গৰিহণাৰ পিছতো চৰকাৰে ৰাজনৈতিক বন্দীসকলক মুকলি কৰি দিয়া নাই।

NAPM য়ে অখিল গগৈ,বিতু সোণৱাল,ধৈয্য কোৱৰ আৰু মানস কোৱৰৰ তাৎক্ষণিক মুক্তিৰ দাৱী জনোৱাৰ লগতে তেওঁলোকৰ ওপৰত জাপি দিয়া মিছা অভিযোগসমূহ শীঘ্ৰে আতৰাই দিবলৈ দাবী জনাইছো।লগতে এইক্ষেত্ৰত গুৱাহাটী উচ্চ ন্যায়লয়ক হস্তক্ষেপ কৰি আটাইকেইজন নেতাৰ মুক্তিৰ পথ প্ৰশস্ত কৰিবলৈ অনুৰোধ জনাইছো।

আমি সাম্প্ৰদায়িক বিজেপিৰ এজেণ্ডাসমূহৰ বিৰুদ্ধে আন্দোলন কৰা অসমৰ স্বতন্ত্ৰ আৰু গণতান্ত্ৰিক দল সংগঠনসমূহ আৰু নেতাসকললৈ পূৰ্ণ সমৰ্থন আগবঢ়াই এই ধাৰা অব্যাহত ৰাখিবলৈ অনুৰোধ জনাইছো।
আমি চৰকাৰক এই চক্ৰান্তৰ অন্ত কৰি ৰাজ্যখনৰ লোকসকলৰ সৈতে সহনশীল হৈ দীৰ্ঘম্যাদী সমস্যাসমূহ সমাজৰ সকলো স্তৰৰ লোকৰ স্বাৰ্থ সুৰক্ষিত হোৱাকৈ সমাধান কৰিবলৈ তীব্ৰ দাৱী জনাইছো।

গণ আন্দোলনৰ ৰাষ্ট্ৰীয় মিত্ৰজোঁট (নেশ্যনেল এলায়েন্স অফ পিপলছ্ মুভমেণ্টছ)

Poster from: Free Akhil FB Page

 

NAPM India