ৰাইজৰ ওপৰত গ্ৰেপ্তাৰ, পুলিচী ভীতি-অত্যাচাৰ বন্ধ কৰক: সকলো আটকাধীন কৃষকক অতিশীঘ্ৰে মুকলি কৰি দিয়ক
Assam (Temporarily Settled Areas) Tenancy Act, ১৯৭১ আইনৰ অধীনত কৃষকৰ ৰায়তী অধিকাৰ অসম চৰকাৰে সুনিশ্চিত কৰক। বিবাদিত কৃষিভূমিত থলুৱা কৃষকে কেইবাদশক জুৰি খেতি কৰি অহা কথাক ন্যায্যতা প্ৰদান কৰি কৃষিভূমিৰ শ্ৰেণী পৰিৱৰ্তন কৰি অন্য উদ্দেশ্যত ব্যৱহাৰ কৰা বন্ধ কৰক
১৯ জানুৱাৰী, ২০২১: মিকিৰ বামুণী গ্ৰাণ্টৰ অন্তৰ্গত গ্ৰামাঞ্চলৰ কৃষিভূমি নিয়ম-বহিৰ্ভূত ভাৱে এজ্যুৰ পাৱাৰ ফ’ৰ্টী প্ৰাইভে’ট লিমিটেডক গতাই দিয়াৰ স্বাৰ্থত খেতিয়কৰ মাটি দখলৰ যি প্ৰক্ৰিয়া চলিছে আৰু শিশু-মহিলাকে আদি কৰি প্ৰতিবাদী ৰাইজৰ ওপৰত ৰাষ্ট্ৰই যি নিৰ্যাতন চলাইছে, তাৰ বিৰুদ্ধে নেশ্যনেল এলায়েঞ্চ অফ পিপল্চ মুভমেণ্টচ (NAPM)এ তীব্ৰ ক্ষোভ ব্যক্ত কৰিছে। বিভিন্ন কাৰচাজিৰে খেতিয়কৰ নথি-পত্ৰ হৰলুকি কৰি, ৰাইজক ভীতিগ্ৰস্ত কৰি পুলিচ-প্ৰশাসন যন্ত্ৰই এনেদৰে ব্যক্তিগত কোম্পানী এটাক ভূমি “ক্ৰয়” কৰিবলৈ যিদৰে দলিচা পাৰি আনিছে সেয়া অতি গৰিহণা-যোগ্য।
মিকিৰ বামুণীৰ ৰাইজে পুলিচী অত্যাচাৰ আৰু প্ৰতিবাদীক প্ৰেপ্তাৰ কৰাৰ বিৰুদ্ধে, যোৱা বিছ দিন ধৰি কাৰাবন্দী হৈ থকা চাৰি খেতিয়কৰ মুক্তিৰ বাবে যি দাবী তুলিছে, নেশ্যনেল এলায়েঞ্চ অফ পিপল্চ মুভমেণ্টচ (NAPM)এ তাৰ সৈতে থিয় দিছে। আমি দাবী কৰিছোঁ যে উক্ত কৃষিভূমিত চলি থকা সকলো নিৰ্মাণকাৰ্য অনতি পলমে বন্ধ হওক আৰু আইনী অধিকাৰকে ধৰি খেতিয়ক ৰাইজৰ সমস্যা সমাধানৰ বাবে উঠা সকলো বিষয়ৰ নিষ্পত্তি হওক।
ভীতি প্ৰদৰ্শন, অত্যাচাৰ, গ্ৰেপ্তাৰৰ চমু দস্তাৱেজ:
যোৱা ২০২০ চনৰ ২৯ ডিচেম্বৰৰ পুৱাবেলাই এক বৃহৎ সামৰিক বাহিনী উপস্থিত হয়গৈ নগাঁও জিলাৰ মিকিৰ বামুণী গ্ৰাণ্টৰ অন্তৰ্গত আমডাঙা গাঁৱত। এই বাহিনীয়ে গাঁৱৰ খেতি পথাৰৰ এক বৃহৎ খণ্ড আগুৰি পেলাই দাবী কৰে যে এই ভূমিখণ্ডৰ দখলীস্বত্ত্ব প্ৰকৃততে দিল্লীত কেন্দ্ৰীয় কাৰ্যালয় স্থিত এজ্যুৰ পাৱাৰ নামৰ এক ব্যক্তিগত কোম্পানীহে। বাহিনীয়ে এই পথাৰত গাঁৱৰ খেতিয়কৰ প্ৰৱেশ নিষিদ্ধ কৰি সেয়া চৰকাৰৰ আদেশ বুলি ব্যক্ত কৰে। পুৰুষ পুলিচ বিষয়াই তাত উপস্থিত শিশু, গৰ্ভৱতী মহিলাকে ধৰি খেতিয়ক ৰাইজক নিৰ্মম ভাৱে প্ৰহাৰ কৰি, গোৰ শোধাই পথাৰৰ পৰা বাহিৰ কৰি দিয়ে।
সেইদিনাই বুকু মাৰ্দি নামৰ এজন খেতিয়কক গ্ৰেপ্তাৰ কৰাৰ পিচত মাজনিশা প্ৰায় ১ বজাত মুখাধাৰী পুলিচ বাহিনী গাঁৱলৈ সোমাই আহে, আৰু দীৰ্ঘদিন ধৰি কৃষিভূমি দখলৰ বিৰুদ্ধে প্ৰতিবাদ কৰি অহা লখিৰাম মাৰ্দি, চিকাৰী ৰংপি, আৰু ভাইটী টিমুং নামৰ তিনি গাঁওবাসীক পুলিচক আঘাত কৰাৰ ভুৱা অভিযোগত আটক কৰি লৈ যায়। গাঁওবাসীয়ে ইতিমধ্যে এই সংক্ৰান্তত ভাষ্য প্ৰদান কৰিছে যে পুলিচে জাননীবিহীন ভাৱে বলপূৰ্বক গাঁওবাসীৰ ঘৰৰ ভিতৰত প্ৰৱেশ কৰি ঘৰৰ পুৰুষ সদস্যসকলৰ ওপৰত আক্ৰমণ চলায় আৰু ঘৰৰ বাহিৰলৈ উলিয়াই লৈ যায় (Survivor’s Testimony, Asom Jatiya Parishad)। সেই নিশাৰে পৰা আৰম্ভ কৰি আৰ্মীৰ ট্ৰাক আৰু পুলিচ ভেনৰ সঘন উপস্থিতি গাঁও আৰু পাৰ্শ্বৱৰ্তী এলেকাত এক সুলভ দৃশ্য হৈ পৰে। প্ৰেপ্তাৰ হোৱা চাৰিওজন খেতিয়কেই জামিন লাভ কৰা নাই আৰু আজিকোপতি জেইলতে আছে। এনে কাৰ্যকলাপেৰে গাঁওবাসীৰ মাজত সন্ত্ৰাসৰ সৃষ্টি কৰিব বিচৰা হৈছে, বিশেষকৈ নতুনকৈ আকৌ প্ৰেপ্তাৰ হোৱাৰ ভয়ত ঘৰৰ পৰ আতৰি থকা পুৰুষ সদস্যৰ অনুপস্থিতিত মহিলা সদস্যসকলে দুৰ্বিষহ নিশা পাৰ কৰিবলগীয়া হৈছে।
অৱশ্যে, মিকিৰ বামুণী গ্ৰাণ্টত চলা এই শেহতীয়া পুলিচী অত্যাচাৰৰ ঘটনাপ্ৰৱাহ নতুন নহয়। তথাকথিত “সেউজ শক্তি” উৎপাদনৰ নামত কৃষিভূমি অন্যায়ভাৱে বহুজাতিক কোম্পানীৰ হাতত গতাই দিয়াৰ যি চক্ৰান্ত, তাৰ বিৰুদ্ধে হোৱা ৰাইজৰ সংগ্ৰামক দমন কৰিবলৈ জনবিৰোধী চৰকাৰ আৰু ক’ৰ্পৰেট গোষ্ঠীৰ পৰিকল্পনাৰেই ই অংশ মাত্ৰ।
ভূমি অধিকাৰ আৰু সংগ্ৰামৰ প্ৰসংগ:
২০২০ৰ মাৰ্চৰ ১২ তাৰিখে, অৰ্থাৎ লকডাউনৰ আগে আগে, মিকিৰ বামুণী গ্ৰাণ্টৰ অন্তৰ্গত গাঁৱৰ অকাংশ খেতিয়কে এক জাননী লাভ কৰে। জাননীত কোৱা হৈছিল যে “অসম শক্তি উৎপাদন আৰু বিতৰণ নিগম (APDCL)এ তেওঁলোকৰ মাটি এক সৌৰ শক্তি উৎপাদন প্ৰকল্পৰ বাবে নিৰ্বাচিত কৰিছে আৰু এজ্যুৰ পাৱাৰ ফ’ৰ্টী প্ৰাইবে”ট লিমিটেডে সেই ভূমিখণ্ডৰ সীমা নিৰ্ধাৰ্ণ কৰিব’’। তেওঁলোকক লগতে কোৱা হৈছিল যে কোনো ওজৰ-আপত্তি থাকিলে তেওঁলোকে সেয়া দৰ্শাব পাৰিব। উল্লেখযোগ্য যে উক্ত জাননীখন মাত্ৰ ৬জন লোকলৈ প্ৰেৰণ কৰা হৈছিল আৰু তেওঁলোকক চক্ৰবিষয়াৰ কাৰ্যালয়ত উপস্থিত হ’বলৈ কোৱা হৈছিল। কিহৰ ভিত্তিত এই ৬জন লোকক বাচনি কৰা হৈছিল তাৰ কোনো স্পষ্টতা নাছিল। তদুপৰি, তেওঁলোকক ভূমি দখলী হিচাপে নে, ভূমিৰ মালিক হিচাপে, নে ৰায়তী হিচাপে গণ্য কৰা হৈছিল সেইয়াও জাননীত উল্লেখ কৰা নাছিল। পিছে যেতিয়া তেওঁলোক চক্ৰবিষয়াৰ কাৰ্যালয়ত উপস্থিত হৈছিলগৈ, তেওঁলোকক জনোৱা হৈছিল যে তেওঁলোকৰ উক্ত ভূমিৰ ওপৰত কোনো অধিকাৰ নাই, গতিকে কোনো ধৰণৰ ওজৰ-আপত্তি দাখিল কৰাৰ এক্তিয়াৰো তেওঁলোকৰ নাই।
এজ্যুৰ পাৱাৰ কোম্পানীয়ে ২০১৯ চনতে শক্তি উৎপাদন প্ৰকল্পৰ বাবে হোৱা নিবিদাত জয়ী হৈছিল। তাৰ প্ৰতিবাদত বিবাদিত ভূমিখণ্ডত খেতি কৰি অহা গাঁওবাসীয়ে প্ৰতিবাদ কৰি যুক্তি দৰ্শায় যে ভূমি অধিকাৰৰ দাবীত হোৱা এক গণ-আন্দোলনৰ ফলশ্ৰুতি হিচাপে ১৯৮১ চনত তেওঁলোকে উক্ত ভূমিৰ দখলীস্বত্ব লাভ কৰিছিল। পিছে এজ্যুৰ পাৱাৰ কোম্পানীয়ে কয় যে ভূমি অধিগ্ৰহন আইন (২০১৩)ৰ অধীনত তেওঁলোকে উক্ত ভূমিখণ্ডৰ ওপৰত অধিকাৰ লোৱা নাই। বৰঞ্চ পুৰণি দখলদাৰী এক জমিদাৰ পৰিয়ালৰ উত্তৰসূৰীৰ পৰা সেই ভূমি ক্ৰয় কৰি লৈছে। কোম্পানীৰ এই দাবী Assam (Temporarily Settled Areas) Act, 1971 আইনৰ বিৰুদ্ধ, যি আইনৰ সহায়েৰে খেতিয়ক সকলে ভূমিৰ দখলীস্বত্ব অৰ্জন কৰিছিল। কৃষক ৰাইজে উক্ত জমিদাৰ পৰিয়ালৰ এই আইনবিৰুদ্ধ কাৰ্যৰ বিৰোধিতা কৰিলে।
মিকিৰ বামুণী গ্ৰাণ্ট আছিল এক বৃহৎ ভূখণ্ড যাৰ ওপৰত জাতিগত সামন্তীয় ব্যৱস্থাৰ কৰ্তৃত্ব চলিছিল। এই ভূমিত কেইবপুৰুষ ধৰি কাৰ্বি আৰু আদিবাসী খেতিয়কে খেতি কৰি আহিছিল। ১৯৬০-৭০ৰ দশককেইটাত জমিদাৰী ব্যৱস্থাৰ বিৰুদ্ধে চলা গণ-আন্দোলনৰ ফলশ্ৰুতিত Assam (Temporarily Settled Areas) Act, 1971 আইনৰ অধীনত ১৯৮১ চনত তেওঁলোকে তাৰ দখলীস্বত্ব অৰ্জন কৰিছিল। এনে দখলীস্বত্ব উত্তৰাধিকাৰ হিচাপে পৰৱৰ্তী প্ৰজন্মৰ হাতলৈ যায় আৰু কেৱল কৃষিকাৰ্যৰ বাবেহে তাৰ হস্তান্তৰ সম্ভৱ। প্ৰতিবাদী খেতিয়ক ৰাইজৰ হাতত এই অধিকাৰৰ প্ৰমাণ স্বৰূপে নথি-পত্ৰ আছে। পিছে এজ্যুৰ কোম্পানীৰ হাতত ভূমি বিক্ৰয়ৰ ভুৱা প্ৰক্ৰিয়াত এই সকলো নীতি আৰু প্ৰমাণ উলাই কৰা হৈছিল।
ৰাষ্ট্ৰ আৰু ক’ৰ্পৰেটৰ কুটিল মিতিৰালি:
ব্যক্তিগত কোম্পানীৰ হাতত ভূমি গতাই দিয়াৰ স্বাৰ্থত চৰকাৰে এক কেবিনেট সিদ্ধান্তৰ জড়িয়তে মিকিৰ বামুণীৰ ম্যাদী ব্যৱস্থাটোৰ পৰিৱৰ্তন কৰিলে। বিভিন্ন ধৰণৰ আইনী বাধ্য-বাধকতা, যেনে, ভূমি অধিগ্ৰহণৰ বাবে আগতীয়া জাননী প্ৰেৰণ, ৰাজহুৱা শুনানি গ্ৰহণ, প্ৰকল্প এটাৰ সম্ভাব্য সামাজিক প্ৰভাৱৰ ওপৰত অধ্যয়ন ইত্যাদিৰ পৰা এই মাটি হস্তান্তৰৰ প্ৰক্ৰিয়াটোক এই আঁতৰাই ৰাখিবলৈ ক্ৰয়-বিক্ৰয়ৰ প্ৰক্ৰিয়াটোক এক জমিদাৰী পৰিয়াল আৰু এটা কোম্পানীৰ মাজৰ এক ব্যক্তিগত ক্ৰয়-বিক্ৰয়ৰ প্ৰক্ৰিয়া বুলি অভিহিত কৰাৰ কাৰচাজি কৰা হৈছিল। গোটেই প্ৰক্ৰিয়াটোত কাৰ্বি আৰু আদিবাসী ৰাইজৰ সৈতে তেওঁলোকৰ সন্মতি সম্পৰ্কে, অথবা মাটিৰ বিনিময়ত কোনো ক্ষতিপূৰণৰ বিষয়েও কোনো আলোচনা কৰা হোৱা নাছিল। এতিয়া চৰকাৰী কৰ্তৃপক্ষই যিমানে যি নকওক কিয়, বিবাদিত ভূমিত গাঁৱৰ কৃষকৰ আইনী দখলীস্বত্ব কিন্তু বাতিল হোৱা নাই। (Jairath, 2021)
বিষয়টো আদালতৰ বিচাৰাধীন হৈ থকা স্বত্বেও অব্যাহত আছে নিৰ্মাণ কাৰ্য:
ভূমি দখলক প্ৰত্যাহ্বান জনাই খেতিয়কসকলে নগাঁৱৰ নিম্ন আদালতত আৱেদন জনাইছে, যাৰ বিপৰীতে এজ্যুৰ কোম্পানীয়ে এই ভুৱা যুক্তি দৰ্শাইছে যে বিবাদিত ভূমিখণ্ডত বিগত দহ বছৰে কোনো ধৰণৰ কৃষিকাৰ্য হোৱা নাছিল। স্থানীয় চৰকাৰী কৰ্তৃপক্ষই আনকি এইবুলিও দাবী কৰিছে যে মাটিৰ দখলীস্বত্ব সংক্ৰান্তীয় যিবোৰ প্ৰমাণিক নথি-পত্ৰ কৃষকসকলৰ হাতত আছে, সেইবোৰ ভুৱা! এজ্যুৰ কোম্পানী আৰু ইয়াৰ সাংগো-পাংগই আকৌ কৈছে যে উক্ত ভূমিখণ্ড প্ৰকৃততে খেতিৰ উপযোগী ভূমিয়েই নহয়, গতিকেই শক্তি উৎপাদনৰ দৰে অনা-কৃষি উদ্দেশ্যত তাক ব্যৱহাৰ কৰাই সমীচিন। এনে মিথ্যাচাৰৰ বিপৰীতে সত্য এয়ে যে এই ভূমিখণ্ডত অতীজৰে পৰা খেতি কৰি অহা হৈছিল, আৰু খেতিৰ ভৰপক দিনতে ২৭৬ বিঘা সজাল ধাননিৰ ওপৰেৰে কোম্পানীৰ বুলড’জাৰ চলাই ইত্মধ্যেই লকডাউনৰ সময়ত আৰ্থিক্ভাৱে কোঙা হৈ পৰা খেতিয়কৰ ওপৰত পুনৰ মাধমাৰ শোধোৱা হৈছিল।
৬ অক্টোবৰ ২০২০ তাৰিখে নগাঁৱৰ আদালতে এই ৰায় প্ৰদান কৰে যে বিবাদ নিষ্পত্তি নোহোৱা পৰ্যন্ত কোম্পানীৰ নিৰ্মাণকাৰ্য বন্ধ থাকিব লাগিব (Chakravartty, 2021)। উল্লেখযোগ্য যে, লকডাউনৰ সময়ছোৱাতে বিভিন্ন সা-সামগ্ৰী আনি জমা ৰখা, আৰু নিৰ্মাণকাৰ্য আৰম্ভ কৰা কোম্পানীয়ে কৰি আছিল। আৰম্ভণিৰ এই সময়ছোৱাত এই ঘটনাবোৰলৈ বিভিন্ন পক্ষৰ বিশেষ নজৰ পৰা নাছিল, গাঁওবাসীয়েও অসহায় হৈ তাক চাই ৰৈছিল। আৰু গোটেই প্ৰক্ৰিয়াটোত ব্যক্তিগত কোম্পানীটোক সহযোগিতা কৰি গৈছিল অসম চৰকাৰে, বিশেষকৈ অসম শক্তি উৎপাদন আৰু বিতৰণ নিগমে।
এইদৰে চৰকাৰী পক্ষৰ সহযোগিতা আৰু আইনী সুৰুঙাৰ সুযোগেৰে ২৮মে’ ২০২০ তাৰিখৰপৰা বিনা বাধাই এজ্যুৰ কোম্পানীয়ে নিৰ্মাণকাৰ্য আৰম্ভ কৰি দিয়ে। পুলিচ আৰু চি আৰ পি এফ বাহিনী মোতায়েন কৰি অসম চৰকাৰে এই কাৰ্যৰ সুৰক্ষা সুনিশ্চিত কৰাত অকণো কৃপণালি কৰা নাই। ইয়াৰ বিপৰীতে কাৰ্বি আৰু আদিবাসী খেতিয়ক ৰাইজে কৃষিভূমি উভটাই দিয়াৰ দাবীত অটল হৈ আছে।
“সেউজ শক্তি” – এক অজুহাত:
ভূমিৰ ওপৰত খেতিয়কৰ অধিকাৰৰ বিষয়টোৰ ওপৰিও আন এক শংকাৰ উদয় হৈছে নিৰ্মিয়মাণ প্ৰকল্পটোৱে স্থানীয় পাৰিপাৰ্শ্বিকৰ ওপৰত পেলাব পৰা কুপ্ৰভাৱ সমূহকলৈ। এই এলেকাৰ দাঁতিকাষৰীয়া বনাঞ্চল হৈছে বনৰীয়া হাতীৰ বিচৰণভূমি, যি কাজিৰঙাৰ পশ্চিম ভাগৰ বুঢ়াপাহাৰৰ সৈতে সংযুক্ত। কিন্তু বনবিভাগে ইতিমধ্যেই প্ৰকল্পটোৰ নিৰ্মাণৰ বাবে যাৱতীয় অনুমোদন প্ৰদান কৰিছে। বনবিভাগে অস্বীকাৰ কৰিছে যে এই এলেকাত হাতীৰ বিচৰণ আছে, অথচ স্থানীয় ৰাইজে এলেকাটোত হাতীৰ বিচৰণৰ চাক্ষুষ ভাষ্য প্ৰদান কৰিছে, এনেকি সৌ ২০২০ৰ ডিচেম্বৰ মাহতে বনৰীয়া হাতীয়ে খেতিৰ আংশিক বিনষ্ট কৰাৰ ঘটনাও ঘটি গৈছে। এজ্যুৰ পাৱাৰ ফ’ৰ্টী প্ৰাইভে’ট লিমিটেডে “সেউজ শক্তি” উৎপাদনৰ আগৰণুৱা হিচাপে নিজকে প্ৰক্ষেপ কৰাৰ বিপৰীতে তাৰ কাৰ্যকলাপে পাৰিপাৰ্শ্বিকতাৰ হানি কৰাৰ উলোটা ছবি এখনহে আমি দেখা পাইছোঁ। “সেউজ শক্তি” উৎপাদনৰ নামত আদিবাসী, খিলঞ্জীয়া লোকৰ জীৱন-জীৱিকাৰ প্ৰতি ভাবুকি অনা কোনোপধ্যেই গ্ৰহণযোগ্য হ’ব নোৱাৰে।
ভূমি আৰু জীৱিকাৰ অধিকাৰৰ অবিৰত যুঁজ:
কোম্পানীৰ কাঁইটীয়া বেৰে ধাননি আগুৰি ধৰিলেও প্ৰতিবাদৰ ৰূপত মিকিৰ বামুণী গ্ৰাণ্টৰ খেতিয়কে বেৰাৰ বাহিৰলৈ থকা মাটিত শাক-পাচলিৰ খেতি কৰি থাকিল নৱেম্বৰ-ডিচেম্বৰ মাহ পৰ্যন্ত। কিন্তু পথাৰলৈ যোৱাৰ সকলো বাট বেৰিকেডেৰে বন্ধ কৰি দিনে-নিশাই প্ৰকল্পৰ কাম আৰম্ভ কৰি দিয়াৰ পিছত খেতিয়কে তাকো কৰিব নোৱাৰা হ’ল। চৰকাৰ-কোম্পানীৰ চক্ৰান্তত মাটিৰ অধিকাৰ হেৰুৱাই, বুলড’জাৰৰ মহতনিত কৰি থকা খেতিডৰাও হেৰুৱাই এক সংকটপূৰ্ণ ভৱিষ্যতলৈ এতিয়া খেতিয়ক ৰাইজ ধিয়াই ৰ’ব লগা হৈছে। তথাপিও ন্যায়ৰ দাবীত খেতিয়ক ৰাইজ অটল হৈ ৰৈছে।
২০২১ৰ জানুৱাৰীৰ ১২ তাৰিখে মিকিৰ বামুণীৰ খেতিয়কে নগাঁও উপায়ুক্তৰ কাৰ্যালয়ৰ সমুখত এক প্ৰতিবাদী কাৰ্যসূচী পালন কৰে, য’ত স্থানীয় ছাত্ৰ সংগঠন, বিভিন্ন ৰাষ্ট্ৰীয় কৃষক সংগঠনৰ জিলা গোটসমূহ, বিভিন্ন বিৰোধী ৰাজনৈতিক দল, আৰু নাগৰিক সমাজে সহযোগিতা আগবঢ়ায়।
দুবাৰকৈ গ্ৰেপ্তাৰ হ’বলগীয়া হোৱা, পুলিচী অত্যাচাৰৰ সমুখীন হোৱা কালেশ্বৰ মাৰ্দিৰ মুখেৰে –
“এয়া আমাৰ মাটি, আমাৰ ক্ষমতা, আমাৰ অধিকাৰ…আমি নাজানো তুমি (এজ্যুৰ) ক’ৰপৰা আহিছা, কিন্তু এইবোৰ আমাৰ উপৰিপুৰুষৰ মাটি, আমাৰ ককা-আজোককাই এই মাটি মুকলি কৰিছিল, মাটিবোৰ সাঁচি ৰাখিছিল, ইয়াত খেতি কৰিছিল। আৰু ইয়াত আমাৰ কথাই ৰজিব। আমি সিহঁতক ইয়াকে ক’লো, আমি সিহঁতক খেদি পঠিয়ালো।“
মিকিৰ বামুণী গ্ৰাণ্টৰ থলুৱা, আদিবাসী ৰাইজৰ সংগ্ৰাম কোনো বিক্ষিপ্ত সংগ্ৰাম নহয়। ভূমি অধিকাৰৰ বাবে পৃথিৱীজুৰি খিলঞ্জীয়া, খাটিখোৱা মানুহে কৰি অহা সংগ্ৰামৰ ই অংশীদাৰ। তেওঁলোকৰ জীৱন-জীৱিকাৰ ওপৰত হোৱা আক্ৰমণৰ বিৰুদ্ধে ভেদাভেদ পাহৰি ৰাইজ উঠি আহিছে আৰু একতাৰ বলত জনবিৰোধী, বৰ্ণবাদী, শ্ৰেণীবাদী ৰাষ্ট্ৰৰ বিৰুদ্ধে গৰজি উঠিছে। তেওঁলোকৰ জীৱন শৈলীৰ সৈতে সংপৃক্ত পাৰিপাৰ্শ্বিক বহনক্ষমতাৰ ধাৰণাৰ ভিত্তিত তেওঁলোকে পৰিৱেশ-পাৰিপাৰ্শ্বিকতা সম্পৰ্কেও তেওঁলোকে প্ৰশ্ন তুলিছে।
মিকিৰ বামুণী গ্ৰাণ্টকে ধৰি সকলোতে ৰাষ্ট্ৰৰ আক্ৰোশৰ বলি হোৱা ৰাইজৰ কণ্ঠ আৰু গৰ্জন যাতে বিয়পি পৰে তাৰ বাবে NAPM দায়বদ্ধ। NAPMএ এই সংগ্ৰামৰ প্ৰতি ঐক্যবদ্ধতা প্ৰকাশ কৰিছে।
মিকিৰ বামুণীৰ কাৰ্বি আৰু আদিবাসী কৃষক, কৃষক মহিলা আৰু শিশু, যি ৰাষ্ট্ৰৰ সন্ত্ৰাস আৰু দমনৰ বলি হৈ আহিবলগীয়া হৈছে – এই সকলোৰে সৈতে আমি দাবী জনাওঁ:
(১) কাৰাৰুদ্ধ হৈ থকা চাৰি কৃষক – বুকু মাৰ্দি, লখিৰাম মাৰ্দি, চিকাৰী ৰংপি, আৰু ভাইটি টিমুঙক অবিলম্বে মুকলি কৰক আৰু তেওঁলোককে ধৰি গাঁওঅবাসীৰ বিৰুদ্ধে থকা সকলো অভিযোগ-গোচৰ উঠাই লওক।
(২) এজ্যুৰ পাৱাৰ ফ’ৰ্টি প্ৰাইভে’ট লিমিটেডে বিবাদিত ভূমিত চলাই থকা কাম-কাজ অনতি পলমে বন্ধ কৰা হওক, যেতিয়ালৈকে ভূমিৰ দখলীস্বত্বৰ বিষয়টোৰ ন্যায়পূৰ্ণ নিষ্পত্তি নহয়, আৰু নিশ্চিত কৰা হওক যে প্ৰক্ৰিয়াটোত কোনো পৰ্যায়তে কোনো চক্ৰান্তক প্ৰশ্ৰয় দিয়া নহয়।
(৩) এতিয়ালৈকে বিনষ্ট হোৱা শস্যৰ চলিত বজাৰ মূল্যৰ লগতে যোৱা নটা মাহে মিকিৰ বামুণীৰ গাঁওবাসীয়ে সন্মুখীন হ’বলগীয়া শাৰীৰিক-মানসিক হাৰাশাস্তিৰ বাবদ তেওঁলোকক উচিত ক্ষতিপূৰণ প্ৰদান কৰা হওক।
(৪) পুলিচ আৰু প্ৰশাসনে সকলো ধৰণৰ ভয়-ভীতি প্ৰদৰ্শন, ভাবুকি, গ্ৰেপ্তাৰ কাৰ্য বন্ধ কৰিব লাগিব; কোম্পানীৰ কাম-কাজত কোনোধৰণৰ সহযোগিতা প্ৰদানৰ পৰা বিৰত থাকিব লাগিব। অসম চৰকাৰে সকলো পুলিচ আৰু অৰ্দ্ধসামৰিক বাহিনী ততালিকে এই অঞ্চলৰ পৰা আঁতৰ কৰিব লাগিব।
(৫) নিৰপেক্ষ আৰু তৎকালীন তদন্ত আৰম্ভ কৰি গোটেই প্ৰক্ৰিয়াটোত চলি থকা বেমেজালি সমূহৰ বাবে কোন কেনেদৰে দায়ী তাৰ বিচাৰ কৰিব লাগিব। বিশেষকৈ এয়া নিশ্চিত হ’ব লাগিব যে নিম্নোক্ত কৰ্তৃপক্ষসমূহৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগিব:
- স্থানীয় কৰ্তৃপক্ষ যি কাৰ্বি আৰু আদিবাসী খেতিয়কৰ ভূমিৰ অধিকাৰ সংক্ৰান্তীয় নথি-পত্ৰসমূহৰ ন্যায্যতাক অস্বীকাৰ কৰিছিল।
- ৰাজহ বিভাগৰ চক্ৰবিষয়া, যি ভুৱা দাবী তুলিছিল যে বিবাদিত ভূমিত যোৱা দহবছৰে কোনো খেতি কৰা হোৱা নাছিল।
- বনবিভাগ, যি দাবী কৰিছিল যে উক্ত অঞ্চলটো বনৰীয়া হাতীৰ বিচৰণ ভূমিৰ অন্তৰ্গত নহয়।
References:
Chakravartty, Anupam. 2020. ‘Darkness Under The Sun: The Struggles of an Assam Village Against ‘Green” Energy’. East Mojo. (December, 30). Last accessed 13th Jan 2021. http://bit.ly/3qfNJIb
Jairath, Vasundhara. 2021. ‘In Assam, a ‘Green’ Energy Plant is Bulldozing Claims of Small and Marginal Farmers’. The Wire. (January, 3) Last accessed 13th January. http://bit.ly/2Ls8Ubm
Khan, Sharfaraz. 2021. ‘মিকিৰ বামুণী গ্ৰাণ্টত কৃষকৰ বিক্ষোভ। ভোগালীৰ আনন্দৰ মাজতে কৃষকৰ প্ৰতিবাদ।’(12 January). Last accessed 13th January, 2021. http://bit.ly/3nM24L6
Pal, Sumedha. 2021. ‘Assam: Tribal Farmers from Mikir Bamuni Villages Allegedly Face State Violence for Demanding Their Land Rights’. NewsClick. (January, 4). Last accessed 13th Jan, 2021. http://bit.ly/39v3WT1
Survivor’s Testimony. 2021. Assam Jatiya Parishad. https://www.facebook.com/watch/live/?v=310572833689215]
Medha Patkar, Narmada Bachao Andolan (NBA) and National Alliance of People’s Movements (NAPM); Dr. Sunilam, Adv. Aradhna Bhargava, Kisan Sangharsh Samiti; Rajkumar Sinha, Chutka Parmaanu Virodhi Sangharsh Samiti, NAPM, Madhya Pradesh;
Aruna Roy, Nikhil Dey, Shankar Singh, Mazdoor Kisan Shakti Sangathan (MKSS), National Campaign for People’s Right to Information; Kavita Srivastava, People’s Union for Civil Liberties (PUCL); Kailash Meena NAPM Rajasthan;
Prafulla Samantara, Lok Shakti Abhiyan; Lingraj Azad, Samajwadi Jan Parishad & Niyamgiri Suraksha Samiti, Manorama, Posco Pratirodh Sangram Samiti; Lingaraj Pradhan, Satya Banchor, Anant, Kalyan Anand, Arun Jena, Trilochan Punji, Lakshimipriya Mohanty and Balakrishna Sand, Manas Patnaik, NAPM Odisha;
Sandeep Pandey (Socialist Party of India); Richa Singh & Rambeti (Sangatin Kisaan Mazdoor Sangathan, Sitapur); Rajeev Yadav & Masihuddin bhai (Rihai Manch, Lucknow & Azamgadh); Arundhati Dhuru & Zainab Khatun (Mahila Yuva Adhikar Manch, Lucknow), Suresh Rathaur (MNREGA Mazdoor Union, Varanasi); Arvind Murti & Altamas Ansari (Inquilabi Kamgaar Union, Mau), Jagriti Rahi (Vision Sansthan, Varanasi); Satish Singh (Sarvodayi Vikas Samiti, Varanasi); Nakul Singh Sawney (Chal Chitra Abhiyan, Muzaffarnagar); NAPM Uttar Pradesh
P. Chennaiah, Andhra Pradesh Vyavasaya Vruthidarula Union-APVVU, Ramakrishnam Raju, United Forum for RTI and NAPM, Chakri (Samalochana), Balu Gadi, Bapji Juvvala, NAPM Andhra Pradesh;
Jeevan Kumar & Syed Bilal (Human Rights Forum), P. Shankar (Dalit Bahujan Front), Vissa Kiran Kumar & Kondal (Rythu Swarajya Vedika), Ravi Kanneganti (Rythu JAC), Ashalatha (MAKAAM), Krishna (Telangana Vidyavantula Vedika-TVV), M. Venkatayya (Telangana Vyavasaya Vruttidarula Union-TVVU), Meera Sanghamitra, NAPM Telangana;
Sister Celia, Domestic Workers Union; Maj Gen (Retd) S.G.Vombatkere, NAPM, Nalini Gowda, KRRS, Nawaz, Dwiji Guru, Nalini, Madhu Bhushan and Mamatha Yajaman, Susheela, Shashank, NAPM Karnataka
Gabriele Dietrich, Penn Urimay Iyakkam, Madurai; Geetha Ramakrishnan, Unorganised Sector Workers Federation; Suthanthiran, Lenin, Inamul Hasan, Arul Doss, Barathi and Vikash NAPM Tamilnadu;
Vilayodi Venugopal, CR Neelakandan, Prof. Kusumam Joseph, Sharath Cheloor, Vijayaraghavan Cheliya, Majeendran, Magline, NAPM, Kerala;
Dayamani Barla, Aadivasi-Moolnivasi Astivtva Raksha Samiti; Basant Hetamsaria, Aloka Kujur, Dr. Leo A. Singh, Afzal Anish, Sushma Biruli, Durga Nayak, Jipal Murmu, Priti Ranjan Dash, Ashok Verma, NAPM Jharkhand;
Anand Mazgaonkar, Swati Desai, Krishnakant, Parth, Paryavaran Suraksha Samiti; Nita Mahadev, Mudita, Lok Samiti; Dev Desai, Mujahid Nafees, Ramesh Tadvi and Bharat Jambucha, NAPM Gujarat;
Vimal Bhai, Matu Jan sangathan; Jabar Singh, Uma, NAPM, Uttarakhand;
Manshi Asher and Himshi Singh, Himdhara, NAPM Himachal Pradesh
Eric Pinto, Abhijeet, Tania Devaiah, Caroline, Diana Tavers, Emil, Francesca, NAPM Goa
Gautam Bandopadhyay, Nadi Ghati Morcha; Kaladas Dahariya, RELAA, Alok Shukla, Shalini Gera, NAPM Chhattisgarh;
Samar Bagchi, Amitava Mitra, Binayak Sen, Sujato Bhadro, Pradip Chatterjee, Pasarul Alam, Amitava Mitra, Tapas Das, Tahomina Mandal, Pabitra Mandal, Kazi Md. Sherif, Biswajit Basak, Ayesha Khatun, Rupak Mukherjee, Milan Das, Asit Roy, Mita Bhatta, Yasin, Matiur Rahman, Baiwajit Basa, NAPM West Bengal;
Suniti SR, Sanjay M G, Suhas Kolhekar, Prasad Bagwe, Mukta Srivastava, Yuvraj Gatkal, Geetanjali Chavan, Bilal Khan, Jameela, Ghar Bachao Ghar Banao Andolan; Chetan Salve, Narmada Bachao Andolan, Pervin Jehangir, NAPM Maharashtra;
J S Walia, NAPM Haryana; Guruwant Singh, Narbinder Singh, NAPM Punjab;
Kamayani Swami, Ashish Ranjan, Jan Jagran Shakti Sangathan; Mahendra Yadav, Kosi Navnirman Manch; NAPM Bihar;
Rajendra Ravi, NAPM; Bhupender Singh Rawat, Jan Sangharsh Vahini; Anjali Bharadwaj and Amrita Johri, Satark Nagrik Sangathan; Sanjeev Kumar, Dalit Adivasi Shakti Adhikar Manch; Anita Kapoor, Delhi Shahri Mahila Kaamgaar Union; Sunita Rani, National Domestic Workers Union; Nanhu Prasad, National Cyclist Union; Madhuresh Kumar, Priya Pillai, Aryaman Jain, Divyansh Khurana, Evita Das; Anil TV, Delhi Solidarity Group, MJ Vijayan (PIPFPD)
For any further details, contact:napmindia@gmail.com